*ভাৰতীয় পৰম্পৰাগত শিক্ষা আৰু জ্ঞান লাভৰ উপায়*
দেৱজিত বৰা, গমাৰিগুৰি’জ্ঞান’ জীৱনৰ সকলোতকৈ ডাঙৰ সম্পদ৷ জ্ঞান লাভে জীৱন সাৰ্থক, অৰ্থবহ কৰি তোলে৷ জ্ঞানহীন জীৱন পশু, কীট-পতঙ্গ তুল্য৷ জন্মগ্ৰহন কৰাৰ পৰা আমাৰ মনত বিৰামহীনভাৱে বিভিন্ন প্ৰশ্নৰ উদয় হয়৷ বয়স আৰু জ্ঞান বৃদ্ধিৰ লগে লগে পুৰণা প্ৰশ্নবোৰৰ সমিধান পাওঁ আৰু মনত নতুন নতুন প্ৰশ্নৰ উদয় হয়৷ মানৱ মনৰ অলেখ প্ৰশ্নৰ প্ৰশমনৰ বাবে জ্ঞান লাভ অত্যন্ত জৰুৰী৷ জ্ঞানৰ অন্য নাম ’অমৃত’৷ বেদ-উপনিষদত জ্ঞানকেই অমৃত বুলি অভিহিত কৰিছে৷ ’শ্ৰীমদ্ভাগবদ্গীতা’ত এইবুলি কৈছে-
"ন হি জ্ঞানেন সদৃশং পবিত্ৰমিহ বিদ্যতে৷
তৎ স্বয়ংযোগসংসিদ্ধঃ কালেনাত্মনি বিন্দতি৷৷" (শ্লোক-৩৮/জ্ঞান যোগ/শ্ৰীমদ্ভাগবদ্গীতা) অৰ্থাৎ- এই সংসাৰত জ্ঞানৰ সদৃশ পবিত্ৰ বস্তু আৰু আন একো নাই৷ যোগসিদ্ধ পুৰুষ সকলে যথা সময়ত নিজে নিজৰ আত্মাত এই জ্ঞান লাভ কৰে৷
ঐতৰেয় উপনিষদৰ মতে- “প্ৰজ্ঞানং ব্ৰক্ষ্ম৷” সংস্কৃতত 'প্ৰজ্ঞা’ৰ অৰ্থ জ্ঞান বা চেতনা৷ ’ব্ৰক্ষ্ম’ হ’ল পৰম চেতনা বা সৰ্বোচ্চ সত্য৷ ই বুদ্ধিৰ উচ্চতৰ অৱস্থা, যি অৱস্থাত সৎ, চিৎ আৰু আনন্দৰে পৰম ’সত্য’ক অনুভৱ কৰা যায়৷
সাধাৰণতে কোৱা হয়- জ্ঞান পাঁচবিধ- (১) বুদ্ধিমত্তা, (২) কৃতজ্ঞতা, (৩) দেশ-কাল-পাত্ৰজ্ঞত্ব, (৪) সৰ্বজ্ঞত্ব, (৫) আত্মজ্ঞত্ব৷
’নাৰদ পাঞ্চৰাত্ৰ’ৰ মতে ’ৰাত্ৰ’ শব্দৰ অৰ্থ জ্ঞান৷
“ৰাত্ৰং চ জ্ঞান ৱচনং, জ্ঞানং পঞ্চৱিধ স্মৃতম্৷"
এই শাস্ত্ৰৰ মতেও জ্ঞান পাঁচবিধ-
(১) পৰম তত্ব, (২) মুক্তি, (৩) ভুক্তি, (৪) যোগ, (৫) বিষয়- সংসাৰ সম্বন্ধে জ্ঞান৷
ইয়েই পাঁচতত্ব৷
’বেদান্ত’ৰ মতে জ্ঞান দুই প্ৰকাৰৰ৷ যেনে-
(১) পৰোক্ষ জ্ঞান (Symbolic knowledge বা Physical Experience): এই জ্ঞান প্ৰকৃততে ব্যক্তিৰ সংস্কাৰস্থ ভাৱ৷
(২) অপৰোক্ষ জ্ঞান (Intimate Knowledge বা Intuition): নিজৰ অস্তিত্বৰ জ্ঞান বা অখণ্ড-কাল-জ্ঞান৷
প্ৰথমবিধ জ্ঞান আমি বৰ্হিজগতৰ পৰা ইন্দ্ৰিয়যোগে পাওঁ, আৰু দ্বিতীয় বিধ জ্ঞান ভিতৰৰ পৰা এনেয়ে ওলাই আহে৷ এই দ্বিতীয় বিধ জ্ঞানকে গীতাই ’বিজ্ঞান’ বুলি কৈছে৷
আকৌ, গুণগত দৃষ্টিৰে জ্ঞান মূলতঃ দুই প্ৰকাৰৰ- ’পৰা’ জ্ঞান বা বিদ্যা আৰু ’অপৰা’ জ্ঞান বা বিদ্যা৷ 'অপৰা’ বিদ্যা (জ্ঞান) হ’ল প্ৰাকৃতিক বা সাংসাৰিক জ্ঞান৷ 'পৰা’ বিদ্যা (জ্ঞান) হ’ল আধ্যাত্মিক জ্ঞান৷ এই জ্ঞানৰ বিকাশে আনন্দময় কোষৰ বিস্তাৰ কৰে৷
আধুনিক দৰ্শন শাস্ত্ৰ অনুসৰি ’বুদ্ধি’ (বুদ্ধিবাদ) আৰু ’অভিজ্ঞতা’ (অভিজ্ঞতাবাদ) জ্ঞান লাভৰ উপায় যদিও ভাৰতীয় পৰম্পৰা অনুসৰি গভীৰ অধ্যয়নেই জ্ঞান লাভৰ উপায়৷ ’অমৃত’ লাভ কৰা সহজ নহয়৷ প্ৰাচীন কালৰ ঋষি-মুনি সকলে জ্ঞানৰূপী অমৃত লাভৰ বাবে কঠোৰ সাধনাত ব্ৰতী হৈছিল৷ কোৱা হৈছে- “ছাত্ৰানাং অধ্যয়নং তপঃ’’৷ অধ্যয়নক তপঃ অৰ্থাৎ তপস্যা বুলি কৈছে৷ 'তপঃ' শব্দৰ অৰ্থও মন কৰিবলগীয়া৷ ’তপ’ ধাতুৰ পৰাই ’তপঃ’ আৰু ’তাপ’ শব্দৰ সৃষ্টি হৈছে৷ ’তপ’ ধাতুৰ অৰ্থ তাপিত হোৱা অথবা কষ্ট ভোগ কৰা৷ শৰীৰ তথা ইন্দ্ৰিয়ৰ আৰামক আওকান কৰি কোনো আকাংক্ষিত বস্তু লাভৰ বাবে চলোৱা নিৰলস কষ্টকৰ পৰিশ্ৰমেই ’তপস্যা’৷ অৰ্থাৎ কষ্টকৰ সাধনা বা কৃচ্ছ্ৰ সাধনা৷ এতিয়া প্ৰশ্ন হৈছে- অধ্যয়নৰ তপস্যানো কি? এই তপস্যানো কেনেদৰে কৰিব পাৰি? গীতাৰ মতে ’গ্ৰন্থ পাঠ’, ’গুৰুমুখাৎ শ্ৰুতি’, আৰু ’আত্মচিন্তা’- এই তিনিটা হৈছে অধ্যয়নৰ পদ্ধতি৷ গ্ৰন্থ আৰু পুথি অধ্যয়ন কৰা, গুৰুৰ মুখেৰে নিৰ্গত বাক্য শ্ৰৱণ কৰা আৰু এই দুই প্ৰকাৰে আহৰণ কৰা জ্ঞানৰ আলমত নিজাববীয়াকৈ বিচাৰ-বিশ্লেষণ কৰি সিদ্ধান্তত উপনীত হোৱা, এইকেইটা ছাত্ৰৰ আন্তৰিক (internal) তপস্যা৷
"তদ্বিদ্ধি প্ৰণিপাতেন পৰিপ্ৰশ্নেন সেবয়া৷
উপদেক্ষ্যন্তি তে জ্ঞানং জ্ঞানিনস্তত্ত্বদৰ্শিনঃ৷৷"
(শ্ৰীমদ্ভগবদ্গীতা, চতুৰ্থ অধ্যায়/জ্ঞানযোগ, শ্লোক-৩৪)
অৰ্থাৎ- হে’ অৰ্জ্জুন, তুমি প্ৰণিপাত কৰি (প্ৰণিপাতেন), প্ৰশ্ন কৰি (পৰিপ্ৰশ্নেন) আৰু সেৱা সহায়তাৰে (সেবয়া) সেই জ্ঞান লাভ কৰা৷ তত্ত্বদৰ্শী জ্ঞানী সকলে তোমাক সেই উপদেশ দিব৷ (তত্ত্বদৰ্শিনঃ জ্ঞানিনঃ তে জ্ঞানং উপদেক্ষ্যন্তি৷)
এই শ্লোকত অধ্যয়ন অথবা জ্ঞান লাভৰ বাবে আৱশ্যকীয় তিনিটা কাৰ্যৰ কথা উল্লেখ কৰা হৈছে৷
'প্ৰণিপাত’, ’পৰিপ্ৰশ্ন’ আৰু ’সেৱা’ৰ সহায়ত জ্ঞান লাভ হয়৷ এই কেইটা হ’ল জ্ঞানাৰ্থীৰ বাহ্য তপস্যা, conduct বা আচৰণ সম্পৰ্কীয় উপদেশ৷ ’প্ৰণিপাত’ৰ সাধাৰণ অৰ্থ হ’ল দীঘলীয়া প্ৰণাম বা দণ্ডবৎ প্ৰণাম৷ অৰ্থাৎ মাটিত দণ্ডায়মান হৈ গুৰুক প্ৰনাম কৰা৷ এই কাৰ্য জ্ঞানাৰ্থীৰ বিনম্ৰতাৰ প্ৰতীক, গুৰুৰ প্ৰতি থকা শ্ৰদ্ধা-ভক্তিৰ প্ৰকাশ৷ জ্ঞান প্ৰয়াসী জন যদি বিনয়ী নহয়, ’এইখন কিতাপৰ পৰা মোৰ কি শিকিব লগা আছে৷’, ’এওঁ মোক কি ডাল শিকাব৷’- ধৰণৰ যদি মনোভাৱ থাকে তেন্তে তেওঁ গুৰুৱে যিমান ভাল কথা ক’লেও, যিমান ভাল গ্ৰন্থ পঢ়িলেও হৃদয়ঙ্গম কৰিব নোৱাৰে৷ জ্ঞান লাভ কৰিবলৈ হ’লে গুৰুজনৰ প্ৰতি থাকিব লাগিব শ্ৰদ্ধা-ভক্তি আৰু গভীৰ বিশ্বাস৷ নম্ৰতাই বিদ্যালাভৰ প্ৰথম সোপান৷ “শ্ৰদ্ধাবাঁল্লভতে জ্ঞানং তৎপৰঃ সংযতেন্দ্ৰিয়ঃ’’ (গীতা ৪/৩৯) অৰ্থাৎ- শ্ৰদ্ধা, তৎপৰতা আৰু ইন্দ্ৰিয় সংযম জ্ঞানান্বেষীজনৰ তপস্যাৰ আন্যতম লক্ষণ৷ ’পৰিপ্ৰশ্ন’ মানে বাৰে বাৰে প্ৰশ্ন সোধা৷ অনুসন্ধিৎসু আৰু জ্ঞানপিপাসু ছাত্ৰই গুৰুক অনবৰতে ’এইটো কি?’, 'সেইটো কেলৈ হ’ল?', 'এইটো কেনেকৈ হ’ব?' ইত্যাদি নানান প্ৰশ্ন সুধি মনৰ খু-দুৱনি মাৰিবলৈ যত্ন কৰিব৷ অথবা, নিজকেই এই প্ৰশ্ন কৰি ছাত্ৰজনে পৰ্যবেক্ষণ, পৰীক্ষা, গ্ৰন্থপাঠ, বিশ্লেষণ আদি প্ৰক্ৰিয়াৰ দ্বাৰা এই প্ৰশ্নবোৰৰ সমিধান বিচাৰিব৷ যি ছাত্ৰৰ মনত এনে প্ৰশ্নৰ উদয় নহয়- তেওঁ প্ৰকৃত জ্ঞান অমৃতৰ কাষ চাপিব নোৱাৰে৷ ’সেৱা’ মানে গুৰুকে মুখ্য কৰি জ্যেষ্ঠজনক তথা সমাজক সেৱা কৰাৰ কথা বুজোৱা হৈছে৷ গুৰুজন মাত্ৰেই সেৱাৰ পাত্ৰ বুলি ধৰি ল’ব পাৰি৷ গুৰুক সেৱা-শুশ্ৰূষা কৰিলে ছাত্ৰৰ অন্তৰত বিনয়ী ভাবৰ সৃষ্টি হয় আৰু অন্তৰ শুদ্ধ হয়৷ সেৱাই গুৰুৰ মন শিষ্যানুকূল কৰে; কিন্তু তাতোকৈ সেৱাই শিষ্যৰ অন্তৰ শুদ্ধ কৰি গুৰুৰ প্ৰতি আস্থা গভীৰ কৰে৷ প্ৰাচীন কালত গুৰুৰ আশ্ৰমত থাকি শিক্ষা লাভ কৰা ছাত্ৰ সকলে গুৰুৰ যাৱতীয় সকলো কাম কৰি দি সেৱা কৰিব লগা হৈছিল৷
গতিকে এই তিনিটা ছাত্ৰ বাহ্যিক (external) তপস্যা৷
ওপৰত উল্লিখিত এই আন্তৰিক আৰু বাহ্যিক কেউটা পদ্ধতিৰ দ্বাৰা গুৰুৰ অথবা গ্ৰন্থৰ প্ৰতি শ্ৰদ্ধাবান হৈ জ্ঞান লাভ কৰিবলৈ আগবঢ়া ছাত্ৰজনে জ্ঞান অমৃত পান কৰিবলৈ পোৱাই নহয় এই অমৃতৰ বিশাল সমুদ্ৰতো অৱগাহন কৰিবলৈ সুবিধা পায়৷
ভাৰতবৰ্ষত প্ৰাচীন কালৰ পৰা জ্ঞান-বিজ্ঞানৰ চৰ্চা হৈছিল৷ জীৱনৰ উদ্যেশ্যই আছিল জ্ঞান লাভৰ যোগেদি জীৱন সাৰ্থক কৰি তোলা৷ জীৱনটোক সফলভাৱে উদ্যাপন কৰাৰ উদেশ্যে এজন ব্যক্তিৰ জীৱনকালটোক চাৰিটা আশ্ৰমত ভাগ কৰা হৈছিল- ব্ৰক্ষ্মচৰ্য, গ্ৰাহস্থ্য, বানপ্ৰস্থ আৰু সন্যাস৷ ইয়াৰে ব্ৰক্ষ্মচৰ্য হৈছে জ্ঞান লাভৰ সময়৷ ছাত্ৰসকলে গুৰুগৃহত থাকি কঠোৰ সাধনাৰ যোগেদি জ্ঞান অৰ্জন কৰি এটা সফল জীৱন লাভ কৰিছিল৷ গুৰুসকলে বিনা পাৰিশ্ৰমিকৰে ছাত্ৰসকলক জীৱনৰ বাবে লাগতীয়াল সকলো শিক্ষা প্ৰদান কৰিছিল৷ গুৰুগৃহত ভৰ্তি হোৱাৰ পাছত ছাত্ৰজনৰ উপনয়ন আদি সমাপ্ত কৰি গুৰুৱে তেওঁক শিক্ষাদানৰ দ্বায়িত্ব গ্ৰহন কৰে আৰু তেতিয়াই ছাত্ৰজনৰ দ্বিজত্ব প্ৰাপ্তি হয়৷ 'দ্বিজ’ৰ অৰ্থ- 'দুই জন্ম’৷ প্ৰথম জন্ম ’শাৰিৰীক জন্ম’ (Physical birth), আৰু দ্বিতীয় জন্ম ’আধ্যাত্মিক জন্ম’ (Intelectual birth)৷ গুৰুৰ আশীৰ্বাদত সংস্কাৰ লাভৰ যোগেদি এই আধ্যাত্মিক জন্ম প্ৰাপ্ত হয়৷ মন কৰিবলগীয়া যে, গুৰুৱে শিক্ষাদান আৰম্ভ কৰাৰ পূৰ্বে নিজৰ বা শিষ্যৰ বাবে নহয়, গুৰু আৰু শিষ্য দুয়োজনৰে মঙ্গলৰ বাবে ভগবানক প্ৰাৰ্থনা কৰিছিল৷ অৰ্থাৎ শিষ্যক কৰা শিক্ষাদানৰ যোগেদি গুৰুৰো বৌদ্ধিক উৎকৰ্ষ সাধন হৈছিল৷ জ্ঞান অৰ্জনক এক নিৰবচ্ছিন্ন প্ৰক্ৰিয়া হিচাবে গন্য কৰা হৈছিল৷-
“ওঁ সহনাববতু , সহনৌ ভুনক্তু , সহ বীর্যং কৰবাবহৈ। তেজস্বীনাবধীতমস্তু , মা বিদ্বিষাবহৈ ।। ওঁ শান্তিঃ , ওঁ শান্তিঃ , ওঁ শান্তিঃ।” (তৈত্তিৰীয় উপনিষদ৷৷৩/১)
অৰ্থাৎ- আমাক, গুৰু-শিষ্য উভয়কে সমভাবে ৰক্ষা কৰক, আমাক উভয়কে বিদ্যাফল প্ৰদান কৰক, আমি যাতে সমভাবে সাফল্য অৰ্জন কৰিব পাৰোঁ, আমি উভয়ে লাভ কৰা বিদ্যা সফল হওক, আমি যাতে পৰস্পৰে পৰস্পৰৰ শত্ৰুতা আচৰণ নকৰোঁ, তাৰ বাবে পৰমব্ৰহ্মৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ৷ আধ্যাত্মিক , আধিদৈৱিক, আধিভৌতিক এই তিনিপ্ৰকাৰ তাপৰ পৰা দুয়োজনকে মুক্ত কৰক৷
ইয়াৰ পাছতে ছাত্ৰজনৰ কৃচ্ছ্ৰ সাধনাৰ মাজেদি নিজক গঢ় দিয়াৰ প্ৰকৃত সময়ছোৱা আৰম্ভ হয়৷ গুৰুগৃহত ছাত্ৰজনে কঠোৰ অনুশাসনৰ মাজত থাকি অধ্যয়ন আৰম্ভ কৰে৷ গুৰুগৃহৰ যাবতীয় কাম-কাজ কৰা, কাষৰীয়া গাঁৱৰ পৰা ভিক্ষা কৰি খাদ্য সংগ্ৰহ কৰা ইত্যদিৰ লগতে নাচ-গান, ধুন-পেচ, জোতা-ছাতি, খং-ৰাগ, হিংসা-ক্ৰুৰতা, নাৰী মুখ দৰ্শন আদিৰ পৰা বিৰত বিদ্যাৰ্থীৰ বাবে নিৰ্দিষ্ট কৰা সাধাৰণ বস্ত্ৰ পৰিধান কৰিব লাগিছিল৷ কঠোৰ অনুশাসনৰ মাজত হ’লেও গুৰুৰ আশ্ৰমত ছাত্ৰজন কিন্তু পৰিয়ালৰ এজন সদস্যৰ দৰেই আছিল আৰু শিক্ষা শেষ নোহোৱা পৰ্যন্ত গুৰুৱে তেওঁক সকলো প্ৰকাৰে নিৰাপত্তা দিয়াৰ দ্বায়িত্ব লৈছিল৷ গুৰুৱে ’ছত্ৰ’ৰ দৰে ছাঁ দি নিৰাপদে ৰাখিছিল বাবেই তেওঁক ’ছাত্ৰ’ বুলি কোৱা হৈছিল৷ বাৰ বছৰীয়া এই অধ্যয়নৰ কালছোৱাত ছাত্ৰজন বিশেষ আৱশ্যক (পিতৃ-মাতৃ আদিৰ বিয়োগ ইত্যাদি) নহ’লে ঘৰলৈ যাব নোৱাৰিছিল৷ গুৰুকুল শিক্ষাৰ পাঠ্যক্ৰমত চাৰি বেদৰ অন্তৰ্গত মন্ত্ৰ, সংহিতা, আৰণ্যক আৰু উপনিষদৰ উপৰিও শিক্ষা, কল্প, নিৰুক্ত, ব্যাকৰণ, ছন্দ আৰু জ্যোতিষ নামে ষড় বেদাঙ্গ অন্তৰ্ভুক্ত আছিল৷ গুৰুকুল সমূহত সম্পূৰ্ণ বিজ্ঞানসন্মত আৰু প্ৰয়োগিক পদ্ধতিৰে শিক্ষা দান কৰা হৈছিল- যাতে লাভ কৰা জ্ঞান ছাত্ৰজনে ভৱিষ্যত জীৱনত প্ৰয়োগ কৰিব পাৰে৷ দীৰ্ঘদিনীয়া এই শিক্ষা প্ৰক্ৰিয়াত ছাত্ৰজনক জীৱনৰ বাবে প্ৰয়োজনীয় সকলো শিক্ষা প্ৰদান কৰি এজন সদাচাৰী, নৈতিক গুণসম্পন্ন, ব্যক্তিতপূৰ্ণ সফল ব্যক্তি হিচাবে গঢ় দিবলৈ যত্ন কৰা হয় আৰু শিক্ষা সম্পূৰ্ণ হোৱাৰ পাছত তেওঁক নিয়ম অনুসৰি স্নান আদি কৰাই ঘৰলৈ যাবলৈ দিয়া হয়৷ স্নান কৰি গুৰু আৰ্শীষ লৈ শিক্ষাৰ সমাপ্তি ঘটোৱা ছাত্ৰ জনক ’স্নাতক’ বোলা হৈছিল৷ আনুষ্ঠানিকভাৱে গুৰুগৃহৰ পৰা ঘৰলৈ বিদায় দিয়া এই অনুষ্ঠানটিক কোৱা হৈছিল ’সমাবৰ্তন’৷ এই সমাবৰ্তন অনুষ্ঠানতে গুৰুৱে ছাত্ৰজনৰ পৰবৰ্তী সমগ্ৰ জীৱনটোৰ বাবে লাগতীয়াল উপদেশ আৰু কৰণীয় কৰ্তব্য সম্পৰ্কত নিৰ্দেশনা প্ৰদান কৰে৷ তৈত্তিৰীয় উপনিষদৰ শিক্ষা বল্লীত সমাবৰ্তনৰ সময়ত গুৰুৱে দিয়া উপদেশসমূহৰ উল্লেখ পোৱা যায়৷ যথা-
“সত্যং বদ৷ ধৰ্মং চৰ৷ স্বাধ্যায়ান্ মা প্ৰমদঃ৷ আচাৰ্যায় প্ৰিয়ং ধনমাহৃত্য প্ৰজাতন্তুং মা ব্যৱচ্ছেৎসীঃ৷ সত্যান্ মা প্ৰমদিতব্যম্৷ ধৰ্মান্ মা প্ৰমদিতব্যম্৷ কুশলান্ মা প্ৰমদিতব্যম্৷ ভূত্যৈ ন প্ৰমদিতব্যম্৷ স্বাধ্যয়প্ৰৱচনাভ্যাং ন প্ৰমদিতব্যম্৷ দেৱ পিতৃকাৰ্যাভ্যাম্ ন প্ৰমদিতব্যম্৷ মাতৃদেৱো ভৱ৷ পিতৃদেৱো ভৱ৷ আচাৰ্যদেৱো ভৱ৷ অতিথিদেৱো ভৱ৷ যানি অনবদ্যানি কৰ্মানি তানি সেবিতব্যানি৷ নো ইতৰাণি৷ যান্যস্মাকং সুচৰিতানি তানি ত্বয়োপাস্যানি৷ নো ইতৰাণি৷”
অৰ্থাৎ- সঁচা কথা ক’বা৷ ধৰ্ম আচৰণ কৰিবা৷ দৈনিক অধ্যয়নৰ পৰা বিৰত নহ’বা৷ আচাৰ্যজনৰ মনঃপুত ধন আহৰণ কৰি, দান কৰি গৃহাশ্ৰমত প্ৰৱেশ কৰি বংশধাৰা অক্ষুন্ন ৰাখিবা৷ সত্যৰ পৰা পিছলি নপৰিবা৷ ধৰ্ম পথৰ পৰা পিছলি নপৰিবা৷ ধৰ্মৰ অৰ্থাৎ কল্যাণদায়ক কৰ্মৰ পৰা আঁতৰি নাযাবা৷ নিজৰ মঙ্গলৰ কাৰণে কৰণীয় কামৰ পৰা আঁতৰি নাথাকিবা৷ ধন-সম্পতি সংগ্ৰহ ৰূপ মঙ্গলজনক কাৰ্য চলাই থাকিবা কিন্তু ধৰ্ম পথৰ পৰা বিচ্যুত নোহোৱাকৈ কৰিবা৷ অধ্যয়ন আৰু অধ্যাপনা দুয়োটা অপ্ৰমাদী হৈ চলাই থাকিবা৷ দেৱকাৰ্য আৰু পিতৃকাৰ্যৰ পৰা বিৰত নহ’বা৷ মাতৃক দেৱতা জ্ঞান কৰিবা, পিতৃক দেৱতা জ্ঞান কৰিবা, আচাৰ্যক দেৱতা জ্ঞান কৰিবা, অতিথিজনক দেৱতা জ্ঞান কৰিবা৷ যিবোৰ অনিন্দনীয় কাম সেইবোৰ কৰিবা৷ আমাৰ অৰ্থাৎ ডাঙৰবোৰৰ যিবোৰ ভাল সেইবোৰ আচৰণ কৰিবা৷ আমাৰ যিবোৰ বেয়া সেইবোৰ পৰিহাৰ কৰিবা৷ এনেদৰে সজ উপদেশ গ্ৰহন কৰি গুৰুগৃহৰ পৰা উভতি গৈ ছাত্ৰই বিয়া-বাৰু কৰাই ’গ্ৰাহস্থ্য’ আশ্ৰমত প্ৰৱেশ কৰে৷
ভাৰতীয় পৰম্পৰাগত শিক্ষা ব্যৱস্থাৰ মূল ভেঁটি আধ্যত্মিকতাৰ ওপৰত প্ৰতিষ্ঠিত যদিও ই ৰক্ষণশীল, গোড়া, অবৈজ্ঞানিক অথবা একঘেয়ামী নাছিল৷ এই শিক্ষা ব্যৱস্থা আছিল উদাৰ আৰু ই মানবীয় গুণ সমূহৰ বিকাশ সাধনৰে, প্ৰকৃতিৰ সৈতে একাত্ম হৈ, প্ৰেম, অহিংসা আৰু ভাতৃত্ববোধৰে ব্যক্তি জীৱনৰ উৎকৰ্ষ সাধন কৰি এখন সুখী আৰু সমৃদ্ধিশালী পৃথিৱী নিৰ্মান কৰিবলৈ যত্ন কৰিছিল৷ এজন ব্যক্তিৰ জীৱন সাৰ্থক আৰু মূল্যবান কৰি গঢ়ি তুলিবলৈ, প্ৰয়োজনীয় সংস্কাৰ আৰু চাৰি পুৰুষাৰ্থ সাধন কৰিব পৰাকৈ জীৱনৰ বাবে প্ৰয়োজনীয় সকলো প্ৰকাৰৰ জ্ঞানৰে সমৃদ্ধ কৰি ব্যক্তি নিৰ্মানত গুৰুত্ব দিয়া হৈছিল৷ গতিকে, ভাৰতীয় পৰম্পৰাগত শিক্ষা ব্যৱস্থাত জ্ঞান যেনেদৰে উদাৰ তথা বিজ্ঞানসন্মত, প্ৰেম তথা ভাতৃত্ববোধ, সকলো মত বা বিচাৰধাৰৰ প্ৰতি শ্ৰদ্ধাশীল আৰু অহিংস আছিল, তেনেদৰে জ্ঞান অৰ্জনৰ প্ৰক্ৰিয়াও আছিল কঠোৰ, পৰিশীলিত আৰু প্ৰয়োগিক যাৰ যোগেদি জীৱনৰ প্ৰকৃত সত্যক উপলব্ধি কৰিবলৈ যত্ন কৰা হৈছিল৷
গ্ৰন্থপঞ্জীঃ
(১) বেদৰ পৰিচয়- ড° যোগীৰাজ বসু
(২) বেদৰ সৌৰভ- ড° থানেশ্বৰ শৰ্মা
(৩) পঞ্চপুস্প- তীৰ্থনাথ শৰ্মা
(৪) প্ৰাচীন ভাৰতীয় শিক্ষা- আচাৰ্য দয়ালৰৃষ্ণ বৰা
(৫) ৰাধানাথ ফুকনৰ ৰচনাৱলী- অসম প্ৰকাশন পৰিষদ
(৬) বিভিন্ন প্ৰৱন্ধ৷







